উম্মি
*উম্মি সুখত থাকা*
অকলশৰীয়া নিশা,উদাসীন পুৱা;
সেইটো আছিল এখন দুৰ্গম ৰাজধানীৰ কোঁৱৰৰ ভালপোৱা।।
ভাবিছিলো বহুত কিবা, সাজিছিলোঁ এখন সপোন পঁজা;
গুচি গলা সঁচাকৈয়ে, এবাৰো পিছপিনে ঘূৰি নাচালা।।
কোনো দিন আৰু পাহৰিবো নোৱাৰোঁ মই;
নক্সা হৈ ৰৈ যাবা চিৰদিনলৈ, মনৰ ইতিহাসত ৰচনা হৈ।।
তোমাক হঠাতে বেছিকৈ ভাবিবো ধৰিছিলো;
মোৰ আটাইতকৈ আপোন বুলি, কাষৰ বুলি।।
মাত্ৰ দুদিনৰ বাবে মিচাতে প্ৰেমত পেলাই থৈ গলা;
তথাপি পাহৰিবো পৰা নাই মই, সঁচাকৈ হৈ গলো পগলা।।
মোৰ কল্পনাৰ থিকনাখন আছিল ভূল ঠিকনা;
ঠিকনাৰ উপস্থিতিত গম পালোঁ, যাৰ সূচী খনেই আছিল মিচা চিয়াহীঁৰে লিখা।।
মিলনৰ আশংকাৰ দূৰত্বক দিগন্তৰ ৰূপ দি গলা;
হৃদয়ৰ তেজৰ নামত ৰঙা ৰং হে সিঁচি থৈ গলা।।
আত্মাৰ শক্তি জাগ্ৰত কৰি, হিয়া উজাৰি সকলো কৈ দিছিলোঁ;
সেই এটা কথাৰো মূল্য নিদিলা, নিজৰ মনৰ বিশ্বাসেই যোগাবো নোৱাৰিলা।।
মোৰ ভালপোৱাটো আছিল এখন পবিত্ৰ ভালপোৱা;
তুমি যদি এবাৰো ইয়াক জুঁখি চালাহেতেন!!
আকৌ হঠাৎ ভাবি উঠো, যদি তোমাক পালোঁহেতেন,
অজান ৰাজ্যত ৰাণী হৈ থাকিলাহেতেন।।
তোমাক নোপোৱাত বেয়া কিবা কামনা নকৰোঁ, অপাৰ সুখত থাকা;
আৰু মন উদাস লাগিলে *সেই কামবোৰ কৰিবা।।
যিমানেই ভৰিৰে গোচকি থৈ নোযোৱা,
চোতালত গজি উঠা দুৱৰি বনৰ ফালে লক্ষ্য কৰিবা;
তাতে মোক লগ পাবা , নিৰ্মল চকুলোৰে সজা মোৰ মুখ খনৰ নক্সা।।
বিদায় মোৰ আটাইতকৈ মৰমৰ বান্ধৱী *(প্ৰিয়তমা... উম্মী চালমা চিদ্দিকা)*।।
Written by Author (Tïppú)

Comments