উম্মি

*উম্মি সুখত থাকা*




অকলশৰীয়া নিশা,উদাসীন  পুৱা;
সেইটো আছিল এখন দুৰ্গম ৰাজধানীৰ কোঁৱৰৰ ভালপোৱা।।


ভাবিছিলো বহুত কিবা, সাজিছিলোঁ এখন সপোন পঁজা;
গুচি গলা সঁচাকৈয়ে, এবাৰো পিছপিনে ঘূৰি নাচালা।।


কোনো দিন আৰু পাহৰিবো নোৱাৰোঁ মই;
নক্সা হৈ ৰৈ যাবা চিৰদিনলৈ, মনৰ ইতিহাসত ৰচনা হৈ।।


তোমাক হঠাতে বেছিকৈ ভাবিবো ধৰিছিলো;
মোৰ আটাইতকৈ আপোন বুলি, কাষৰ বুলি।।

মাত্ৰ দুদিনৰ বাবে মিচাতে প্ৰেমত পেলাই থৈ গলা;
তথাপি পাহৰিবো পৰা নাই মই, সঁচাকৈ হৈ গলো পগলা।।


মোৰ কল্পনাৰ থিকনাখন আছিল ভূল ঠিকনা;
ঠিকনাৰ উপস্থিতিত গম পালোঁ, যাৰ সূচী খনেই আছিল মিচা চিয়াহীঁৰে লিখা।।


মিলনৰ আশংকাৰ দূৰত্বক দিগন্তৰ ৰূপ দি গলা;
হৃদয়ৰ তেজৰ নামত ৰঙা ৰং হে সিঁচি থৈ গলা।।

আত্মাৰ শক্তি জাগ্ৰত কৰি, হিয়া উজাৰি সকলো কৈ দিছিলোঁ;
সেই এটা কথাৰো মূল্য নিদিলা, নিজৰ মনৰ বিশ্বাসেই যোগাবো নোৱাৰিলা।।


মোৰ ভালপোৱাটো আছিল এখন পবিত্ৰ ভালপোৱা;
তুমি যদি এবাৰো ইয়াক জুঁখি চালাহেতেন!!


আকৌ হঠাৎ ভাবি উঠো, যদি তোমাক পালোঁহেতেন,
অজান ৰাজ্যত ৰাণী হৈ থাকিলাহেতেন।।

তোমাক নোপোৱাত বেয়া কিবা কামনা নকৰোঁ, অপাৰ সুখত থাকা;
আৰু মন উদাস লাগিলে *সেই কামবোৰ কৰিবা।।


যিমানেই  ভৰিৰে গোচকি থৈ নোযোৱা,
চোতালত গজি উঠা দুৱৰি বনৰ ফালে লক্ষ্য কৰিবা;

তাতে মোক লগ পাবা , নিৰ্মল চকুলোৰে সজা মোৰ মুখ খনৰ নক্সা।।



বিদায় মোৰ আটাইতকৈ মৰমৰ বান্ধৱী *(প্ৰিয়তমা... উম্মী চালমা চিদ্দিকা)*।।



Written by Author (Tïppú)

Comments

Popular Posts