তোমাৰ অপেক্ষা
*তোমাৰ অপেক্ষা*
কবিতা বনাই, হৃদয় কপাওঁ
জানোচা মিলে প্রেম ভালপোৱা;
আকাশ কঁপাই, চিঞৰি গাও,
জানোচা সূৰৰ ঢৌৱে আনে সান্তনা।।
নিশা জাগি, মই লিখি যাওঁ
কিযানিবা তুমিও এবাৰ পঢ়া;
ভাবি ভাবি মই অতিক্ৰম কৰোঁ
কল্পনাৰ অজান ৰাজ্যৰ সীমা।।
আজিও মোক যদি তুমি ভবা
বেশধাৰি, মায়াজালৰ মিছলিয়া পুৰুষ;
তেন্তে তুমি ডাঙৰ কিবা এটা হেৰুৱাবা
কিয়নো পশ্চিম দিশত উদয় নহয় সূৰয।।
তুমি তৰা খুজিলে,পাবা চন্দ্ৰমা
সুখৰ অমৃত সন্মুখৰ বাটতে পাবা;
সঁচা-মিছা তুমি একোৱে বুজি নাই পোৱা;
শান্তিৰে বহাই বুজাই দিম, এবাৰ আহা।।
আহা, ওলাই আহা সাধুকথাৰ পৃথিৱীৰ পৰা
সপোনৰ ঠিকনাত বাস্তৱতাৰ লগ পাবা;
চোৱা, এইফালে মূৰ তুলি চোৱা
মই বজাই আছো তোমাৰ সূৰত ঢোল-দবা।।
যদি ভূলতো কেতিয়াবা মনত পেলাব পাৰা
কাগজৰ টুকুৰাখন বিছাৰি উলিয়াবা;
তাতে আছে মোৰ স্থায়ী ঠিকনা
ৰৈ আছো, হৈ...এখন ৰসৰে ভৰা
আধৰুৱা প্ৰেমৰ আশ্বাস-কবিতা।।।
Written by Author - CAPTAIN

Comments