মন
*মন*
😢সুন্দৰৰ অলৌকিক মহিমা, তুমি ক'ত আছা প্রিয়তমা?
বুটলি তুলি লম তোমাৰ যদি পাওঁ দেখা।।
মন-পক্ষীয়ে তোমাক আৰু তোমাৰ ঠিকনা বিচাৰি
উধাও হয় কল্পনা ৰাজ্য অতিক্রম কৰি।
সৌন্দৰ্য্য পিপাসু মনে,আজি তোমাক বিচাৰি
আহৰাত্ৰি আহ্বান জনায় তোমাৰ স্মৃতিক।
তোমাৰ স্মৃতিয়ে মৃদু ধুলি উৰুৱাই উৰুৱাই,
এক আলোড়নৰ সৃষ্টি কৰে , মোৰ মনৰাজ্যত।
শ্রেনী কোঠাত অকা-বকা ওঠৰ হাহি,এটা চঞ্চল গতি,
মোৰ চকুত চকু লগাই, তধা লাগি চাই থকা চাবনী।
মনত পৰে কেতিয়াবা কেতিয়াবা।
কিন্তু কি কৰিম? কৰিবলগীয়া যেন কিবা ৰ'ল?
নাই মোৰ দৰে এজনো নাই এই স্বার্থৰ পৃথিবীত।
হয় ভুল আছিল মোৰ , ডাঙৰ ভুল. ..
ভালপোৱাত এনেকুৱা ভুল হয়েই, সদায়।
তুমি মিলিবো খুজিছিলা, মই জানো....
কিন্ত্ত মই মিলিবো নোবাৰিলো, আৰু তুমি?
তুমি ভাবি ল'লা মই বহুত দূৰত আছো বুলি।
সূখক হেঁচকি দুখ আহি পালেই আৰু,
শমণৰ কঠোৰতা লই,মইয়ো ঠাই দিলো মনতেই বাস কৰক বুলি।।
Written by Author-- Tïppú

Comments