হেৰুৱাৰ বেদনা

                               হেৰুৱাৰ বেদনা



এ টকা হেৰুৱাই যায়        এজন মানুহৰ যদি
    মমবাতি জ্বলাই বিচাৰি নাপাই
মানুহ জনে দহ টকা খৰচ কৰিও।।

হেৰুৱাইছে তাত হৈছে কি বোলে, 
        লগৰ জনে
হেৰুৱা বেদনা জানো তেওঁ বুজি পায়?

আৰু মই এইদৰে টকা পইচা হেৰুৱা নাই
        দুই মাহৰ গৰ্ভত দেউতা ঢুকায়,
দেউতাৰ মৃত্যুৰ ঠিক দুই বছৰ পিছত
      আকৌ ডাঙৰ বাইজনীৰ মৃত্যু হয়।।

বাইদেউৰ মৃত্যুৰ তিনি বছৰ পাছতে
    ডাঙৰ দাদা জনো গুচি যায় চিৰদিনলৈ।
দেউতা,বাইদেউ আৰু দাদা,

      তেখেতসকলৰ মৃত্যুৰ পিছত
মই, মা আৰু এজনী বাইদেউ।।।
‌      বহুত অকলশৰীয়া যেন লাগে আমাৰ।

‌ মোৰ জন্মৰ চৈধ্য বছৰ পিছত
‌    বাইদেউ জনীও মৃত্যুবৰণ কৰে,
‌হেৰুৱা বেদনা কি? হিহঁতে জানো বুজি পাব?
‌ মা আৰু মোৰ মনত হে বাস কৰে, অকলৰীয়া বেদনা।।।
 

                       👇👇


Author-Monirul Islam

Comments

Popular Posts