অকলৰীয়া

          অকশৰীয়া ডেকা

©©©©©©©©©©🖼🖼🖼🖼🖼©©©©©©©©©©






এজন মৰম লগা ডেকা যুৱক আছিল,

     তেওঁ কেতিৱাওঁ পদাৰ্পন নকৰা ঠাইত বাস কৰিছিল।



পাহাৰে আগুৰা সৌ শান্তিৰ নিজৰাৰ পাৰত,

     নিদৃষ্ট ৰুটিনৰ বাহিৰে আন কোনো কাম নাছিল তেওঁৰ।


ৰাতি পুৱা টোপনী মাৰি উঠি,গা ধুই এমুঠি মান খাই;

     গোটেই দিনটো বৰশি বাই আছিল তেওঁ।

আৰু ভাগৰ লগাত অলপ সময় শুইছিল,

     আকৌ উঠি কবিতা লিখিছিল।


বগা ঘৰাটোৰ বাহিৰে আন কোনো নাছিল তাৰ,

     এনেকৈ বহুদিন কাটিছিল তেওঁৰ বৰ শান্তিৰে।


মই তাক লগ পাইছিলো অৰণ্যত,

      বেজাৰ মনত ঘুৰি ফুৰিছিল তেওঁ।


তাক মই সোধাত ঘোৰা হেৰুৱাইছে বুলি কৈছিল,

     আৰু চলচলীয়া চকুযুৰী এবাৰ চাইছিল মোৰ ফালে।


তেওঁ আগবাঢ়িছিল তেওঁ থকা পজাঁটোৰ ফালে ,

     মইয়ো উভতিছিলো মোৰ ঘৰৰ ফালে।


যেতিয়া বেলিটো হাহিঁ হাহিঁ মাৰ যাব ধৰিছিল॥

♡♥♡♥

Written by- Tïppú (author)…...…


Comments

Popular Posts