মোৰ কাহিনী
_*^¤~মোৰ কাহিনী~¤^*_ _
ৰাতি পুৱাওঁতেই অন্ধকাৰ নামি আহিছে…
কল্পনা-ছল্পনা বোৰ ছো মাৰি গৈ আছে।
কাল উঠি আহিছে ধৰাৰ বুকুলৈ… .
উপচি পৰিছে চকুত চকুলো।
চিঞৰি আছে,মাতি আছে,সেই জন…
যার কৰুন-ক্ৰন্ধনত অৰন্যৰ পশু-পক্ষী দৌৰি আছে,
তেজে-মংহৰ ল'ৰা জন এতিয়াওঁ কান্দি আছে।
শব্দ শুনা গৈ আছে;ধংসৰ শব্দ…
আকাশ ফালি এন্ধৰ-ময় ঈগলৰ দৰে, আহিব ধৰিছে ধংস।
বাগৰি পৰি আছে সকলো...
যেনেকৈ পূৰণী অট্ৰালিকা বোৰ বাগৰি পৰে।
আৰম্ভ হোৱাৰ আগতেই শেষ হোৱাৰ শব্দ…
এতিয়াওঁ কানত মাদল বজাইছে।
হঠাৎ শেষ হৈ যাব সকলো…
মৌ-মিঠা সপোন তথা কল্পনা বোৰ।
নিৰৱ হৈ যাব সেই চিঞৰ বোৰ…
যেতিয়া কেৱল ৰৈ যাব ধোৱা,বালি আৰু কিছু নিৰস বাক্য।
চাৰি ফালে থাকিব কেৱল হাহাকাৰ…
আশাও নাথাকিব বাচি থকাৰ ; সপোন ৰচাৰ।
মোৰ দৰে এদিন তুমিওঁ হৈ যাবা…
এনেকুৱা স্বাৰ্থ হীন নিৰস বাক্যৰে ৰচা এক স্মৃতি কবিতা।
নাথাকিবো এনে তেজে মংহৰ শৰীৰ খন…
ৰৈ যাব বালি চৰা,ৰৈ যাব এখন মৃত্যু-ময় ধৰা।
আকৌ আৰম্ভ হ'ব জীৱন চক্ৰ; আকৌ…
আকৌ আহিবো ধংসৰ ভয়,মোৰ দৰেই॥_
Written by - Tïppú (author)………

Comments