নতুন কল্পনা
মোৰ মৃত জাগৰণ
💀💀💀💀💀💀💀💀
এটা জাকৰ সমীৰণ বৈ যায়,
চিৰসত্য ৰক্তক্ষৰণ মনৰ মাজত হৈ থাকে,
সান্তনা ৰ মৃতদেহ এটি ঈশ শক্তিত জাগ্ৰত হয়।।এই পৃথক মৃতচক্ৰৰ আকৌ কোনো সহানুভূতি,
কেৱল মাত্ৰ সমনিয়া মৃতৰ লগত শান্তি চুক্তি।
আৰু অতীতৰ জীপোৱা কিছুমানৰ পাণ্ডিত্য প্ৰকাশ,
ৰসনাত সৃষ্টি হোৱা কিছু শক্তিৰ আভাস।।
আকৌ নন প্ৰয়োজনীয়তাই হাতবাউলি মাতে,
এটি মলিন আশাৰ গাড়ী মৃত অৰণ্যৰ ফালে গৈ থাকে।
ধ্বংসৰ সূপাৰ্মিয়ানৰ লগত যুদ্ধ চলে,
মই উভয় ৰক্তৰ মাজত থাকো বিষাক্তৰ দৰে।।
মোৰ অভিশাপ আছে তহঁতৰ লগত,
হে, মায়াৱী শাসনৰ মাতাল অফিচাৰ। Ads🎧 by Google
নবীন জীৱনৰ নিৰ্বাচনত নিজিকিবি,
ধংস নকৰিবি নন ফুটি উঠা জীৱবোৰক।।
মৃত বেশ লৈ পিছুৱাই যাবি,,
ইতিহাসৰ সোণালী পাততহে মোক লগ পাবি।।
Written by-Tippu(author)…...…

Comments