গুচিঁ গৈছে

~^গুচিঁ গৈছে^~






যিটো গুচিঁ গৈছে তাৰ কথা এৰি দিয়া,

            যি কেতিয়াওঁ আৰু উভতি নাহে।

জীৱনত এটা তৰা আছিল;মৰমৰ বহুত মৰমৰ,

           সিও ডুবি গৈছে;তথাপি নাই একো কৰিবলগীয়া।

যিটো গুচিঁ গৈছে তাৰ কথা এৰি দিয়া,    

            যি কেতিয়াওঁ আৰু উভতি নাহে।

বাগিছা খনৰ ফালে লক্ষ্য কৰা,

             মৰম লগা কিমান কলি বোৰ।

ই এদিন ফুললৈ পৰিৱৰ্তণ হ'ব, 

           ফুল আকৌ মুৰ্ছা যা'ব।

তথাপি কৰা নাই হাহাকাৰ,

           ফুলনীয়ে পৰি থকা ফুলবোৰক লৈ।

সেইদৰে,সেইদৰে তুমিওঁ!
যিটো গুচিঁ গৈছে তাৰ কথা এৰি দিয়া॥





AUTHOR -Tipu

Comments

Popular Posts