গাৱঁৰ পৰা চহৰলৈ
~^গাৱঁৰ পৰা চহৰলৈ^~
আজিৰ পৰা পচিশঁ বছৰ আগত,
মই ইয়াতেই বাস কৰিছিলো।
আছিল এখনী ধুনীয়া গাওঁ,
গাওঁৰ কথা মনত পৰিলে;যেন উৰুৱাই লৈ যায় পশ্চিমীয়া পছোৱাই প্ৰান খন।
নাছিল এনেকুৱা পকী পকী ৰাস্তা-ঘাট,
নাছিল উজ্বল উজ্বল লাইট বোৰ,আৰু ওখ ওখ দেৱালবোৰ।
নাই কেচাঁ কেচাঁ ৰাস্তা বোৰ,নাই ৰাস্তাৰ কাষত থকা সেই তামোলোৰ শাৰীবোৰ,
যিটো ৰাস্তাৰ ওপৰেদি থইলা লৈ পঢ়াশালী লৈ গৈছিলো।
কেতিয়াবা মনত পৰে কপিলী নদী খনৰোঁ কথা,
তেতিয়া মনখন কিমান যে জীপাল হৈ উঠে।
কপিলী পাৰৰ গমাৰী গছৰ তলত,
সমনীয়াৰ লগত আঠু কাঢ়ি বহি লৈ;
সুপি সুপি বিড়ি খোৱাৰ দৃশ্য,
এতিয়াওঁ দুচকুৰ নিলাম ভাজত দেখা দিয়েহি।
কিন্তু কপিলী নদীখনো আজি-কালি ঠিক নাই,
কল-কাৰখানাৰ বেয়া পদাৰ্থ বিলাকে বেমাৰী কৰি পেলাইছে কপিলী বান্ধৱীক।
তথাপি পাহৰিবো নোৱাৰো গাৱঁৰ,কপিলীৰ কথা...॥
Written by _ Tipu

Comments