শুভ্ৰ ফুল

শুভ্ৰ ফুল 

.......................
কজলা মেঘেৰে ভৰুণ 
আকাশৰ পৰা 




শুভ্ৰ ফুলবোৰ সৰে,

উন্মনা ধৰিত্ৰী গাভৰু হয় ,




কৃষকৰ বুকুয়েদি বৈ যায়
অন্তহীন ফল্গুধাৰা,



সপোনবোৰে জীৱনৰ
ছন্দ আঁকি পাহি মেলে,



সৃষ্টিৰ পথাৰৰ আৱেশত
লচপচী গাভৰু ৰোৱনীৰ,তন্দ্ৰালসা
 ভাগে,



প্ৰেমেৰে উপচি পৰে
হৃদয়ৰ উপত্যকা,



আঘোণৰ পথাৰৰ বঁকিয়াইদি ঘৰলৈকে 
মসৃণ হয়,এটি সোণালী বাট |


Click here to Lalit Nath




                    Click here




                   Click here

Comments

Popular Posts