প্ৰেমৰ কবিতা
।প্ৰেম কথা।
মোৰ সপোন, যিটো এটা প্ৰেমৰ সপোন;
সেইদিনাখনৰ কথা, যিটো আছিল বিদ্যালয়ৰ এটি স্মৃতিময় মূহুৰ্ত।
শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি, গোটেই বিদ্যালয়;
গাই আছিল মোৰ আৰু তোমাৰ প্ৰেমৰ গুণ গান।
বিভিন্ন পহুপক্ষী, চৰাইছিৰিকতি শুনি আছিল নিস্তব্ধ হৈ;
আমাৰ সেই ভালপোৱাৰ কবিতাবোৰ।
প্ৰকৃতি যেন নাচি আছিল মোৰ প্ৰেমৰ ধ্বনিত;
গগণে সিঁচি দিছিল নিস্বাৰ্থৰ ভালপোৱাৰ কুঁৱলী।
আৰু সেইবোৰ কথাও কওঁ, শুনা;
মনত আছেনে তোমাৰ?
আমি দুয়ো গোপনে বিদ্যালয়ৰ দেৱালখন পাৰ হৈ,
প্ৰেম প্ৰেম খেলা, আৰু কতো কি।
কোলাত মূৰ থই কিমান যে সপোন দেখা;
প্ৰেমৰ কথা কবিতা লিখা, স্মৃতিৰ ৰচনা গঢ়া।
তুমি মোৰ বুকুত মূৰ থৈ প্ৰতিজ্ঞা কৰিছিলা;
আমি কেতিয়াও বেলেগ নহওঁ বুলি।
কিন্তু কি হল চোৱা, ধূসৰ সংসাৰ খনে যেনিবা আমাক চিনিয়ে নাপালে;
হালিজালি ৰৈ থকা প্ৰকৃতিয়েও যেন মুখ ঘুৰাই ললে, আমাক দেখি।
আৰু সেই, ....সেই কপিলী নদীৰ পাৰত দুয়ো বহি;
ইজনে সিজনৰ কোলাত মুখ(মূৰ) গুজি, যোৱা নহল আৰু আমাৰ সেই চিৰো সেউজীয়া কল্পৰাজ্য খনত।
শত্ৰু হৈ আহিল আমাৰেই সেই প্ৰিয় শিক্ষক গুৰু সকল,
তাৰ কেইদিনমান পিছতেই;
তোমাক লৈ যায় কোনোবা অজান ৰাজ্যত,
মইহে ৰৈ গলোঁ সেই একেখন স্মৃতি গঢ়া দেশৰ কোনো এটা চুকত।
মই আজিও তোমাক পাহৰিব পৰা নাই;
তুমি কিজানিবা পাহৰিয়ে গলা নেকি, ভয় লাগে মোৰ।
কিন্তু মই কৰিম ,তোমাৰ অপেক্ষা গোটেই জীৱনটো;
চাই থাকিম আজিও, আৰু কালিও,
তুমি অহা সৌ দুৰনীলৈ বেকা হৈ যোৱা বাটটোৰ ফালে।
আৰু, আঁকি থাকিম একেখন ছবি;
বুকুত মূৰ থৈ কৰোবাত হেৰাই যোৱা ছবি।
(নিৰ্জন অকলৰীয়া, আন কোনো নাই আমাৰ বাহিৰে)
লিখি থাকিম ছন্দৰ মিল নথকা কিছুমান;
সহজসৰল ভাষাৰে তোমাৰ ঠিকনাত প্ৰেমৰ কথা কবিতা।
Written by Author Tipu súltäāñ

Comments