স্মৃতি মোৰ জাগেহি মনত
স্মৃতি মোৰ জাগেহি মনত
ক'ত শত জনমৰ বিৰহ চকুলো মোৰ
দুগালেদি বাগৰি ধৰাত ;
ধুলিৰ লগত মিলি বতাহত ঢৌ খেলি
মিলি যায় দূৰ দিগন্তত ৷
মেঘৰ চপৰাবোৰ শূন্যত মাৰে বুৰ
নাই তাত স্মৃতি বেদনাৰ ;
নদীৰ বুকুত সোণ বুৰ গলে নাওঁ খন
নসৰে চকুলো বিষাদৰ ৷
চন্দ্ৰমাৰ পৰশত ফুলা সেই উলাহত
মৰহিলে ভেটফুল পাহি,
পালে পুৱা সুৰুযৰ নিৰ্ম্মম আঘাত ঘোৰ
দুখ মোক নলগাই আহি ৷
নিজানত ফুলি থকা দেখা যে বকুল জোপা
কেতেকীয়ে গালে গীত ফাঁকি,
পাতৰ আঁৰত পৰি সকৰুন সুৰ ধৰি
বুকু মোৰ ভাগি যায় সখি ৷
ভাবো ! ক’ত প্ৰভাতৰ দুখৰ কাহিনী মোৰ
সাঁচি থোৱা গোপনে হিয়াত,
কল্পনাৰ দ’ল সাজি অসীম আবেগ ৰাশি
কেতিয়ানো জনাম তোমাত ৷
অতীতৰ দিনবোৰ এটি এটি কৰি মোৰ
দুখ লেখি পৰেহি মনত,
মাৰ যোৱা হাঁহিবোৰ অশ্ৰু ৰূপে বিষাদৰ
বৈ যায় মাথোঁ দুগালত ৷
কতনা প্ৰদীপ হায় অজানিতে মাৰ যায়
ভকতিৰে জ্বলোৱা হিয়াত;
চেনেহী শলিতা গচি পৰি থাকে স্মৃতি যাচি
যুগ যুগ মাথোঁ ই ধৰাত ৷
বিদ্ৰূপৰ হাঁহি মাৰি লাউখোলা থাকে পৰি
শ্মশানৰ নিৰ্জন বুকুত,
চিতাৰ ধোঁৱাই আহি বাতৰি জনাই হাঁহি
স্মৃতি মোৰ জাগে হৃদয়ত ৷

Comments