মা

মা






 তোমাৰ বুকুৰ সেউজীয়াত

সিদিনা ফুল হৈ ফুলিছিলো মই..
তোমাৰ চাদৰৰ আঁচলৰ তলত,
তোমাৰ কোলাত জিৰণী লৈ
দেখা পাইছিলো এই পৃথিৱীখন..
কিমান যে কষ্ট ভোগ কৰিছিলা,
তুমি মোৰ বাবে..
সহ্য কৰিছিলা বহু বেদনা...
মা...!
বৰ শীত অনুভৱ কৰিছিলো এই পৃথিৱীখন,
তুমি মোক সাৱতি লৈছিলা |
ভয় খাই যেতিয়া কান্দিছিলো,
তুমি মোক নিচুকাইছিলা |
মোৰ দুখত দুখী হৈছিলা তুমি,
আৰু সুখত সুখী...
তুমিয়েইটো উপহাৰ দিলা মোক,
মোৰ জীৱন, মোৰ ভাষা,
মোৰ দেশ আৰু বহুতো....
তোমাৰ ঋণ কিদৰে পৰিশোধ কৰিম আই...??
আজীৱন ব্যক্ষ্মচাৰী হৈ...
নে অন্য কিবা কৰি...
তোমাৰ ঋণ পৰিশোধ কৰাৰ
ক্ষমতা মোৰ নাই...
আছে মাথো তোমাৰ চৰণত দিবলৈ,
মোৰ এটোপাল অশ্যু অঞ্জলী…
তাকে লবা তুমি,
পুত্ৰ স্নেহ বুলি আকোঁৱালি......

কবি :: মৃদু জোনাক পয়োভৰ

ঠিকনা :: বকুলনী , দুলিয়াজান

Comments

Popular Posts