ছাইলেণ্ট ভেলীৰ গাভিনী হাতীজনী
ছাইলেণ্ট ভেলীৰ গাভিনী হাতীজনী
লঘোনে পাৰ কৰিলোঁ কিমান দিন আৰু কিমান ৰাতি ৷
পেটত এটি সন্তান আছে — মই গৰ্ভৱতী
মই নাখালে সি পাব কি ?
মৰি থাকিব;
মই এগৰাকী মাতৃ
মই নাথাকিলেও জীয়াই ৰাখিব লাগিব সন্তানটি
সেয়া ভাবিয়েই ওলাই আহিছিলো
বনাঞ্চল পাৰ কৰি জনাঞ্চললৈ বুলি
শুনি আছিলোঁ— মানুহবোৰে আমাক বহুত মৰম কৰে
মানুহবোৰে আমাক প্ৰাণখুলি পূজা কৰে
মোক খাবলৈ দিছে— মোৰো পেটত ভোক আছে কিমানদিন যে একোৱেই পোৱা নাই
আনাৰস মোৰ প্ৰিয়— সেয়াও দিছে মনত আনন্দ লাগিছে ৷
কবি : সমুজ্জ্বল ডেকা

Comments